Ridip Raktim
Student, Writer, and Photographer in Sundarisal, India
সহৃদয় আত্মীয়তাৰ পথৰ দাঁতিত ৰৈ আপোনালৈয়ে বাট চাই থকা মানুহ মই...
জানো, মানুহৰ দৰে কোনোবা মানুহ ইয়াত এতিয়াও আছে
যি এই বাটেৰেই অকলে আহে-যায়।
মানুহৰ দৰে এনে মানুহে
ৰাতিও দুৱাৰ খুলি অচিনাকীক বাকি দিয়ে পিয়াহৰ পানী
তেওঁলোকৰ ঘৰৰ মুধচলৈ এহাল চৰায়ে কুটা কঢ়িয়ায়
চোতালৰ ডাঁহেচীয়া বগৰীলৈ শিশুহঁতে নিঃসংকোচে ফৰ্মুটিয়ায় !
তেওঁলোক জীৱনৰ প্ৰেমিক মানুহৰ উপাসক
মুৰত আঙুলি বুলাই অসুখৰ দিনবোৰত
তেওঁলোকেই পৃথিৱীক ফিনিক্সৰ সাধু শুনায় ....